QuranQuiz bySALSABIL STUDIO
Open the appOpen app

سورة الفجر

Surah Al-Fajr in Assamese

30 ayat · Meccan · Surah 89 of 114

🌐 Translation: অসমীয়া

Englishالعربية (بلا ترجمة)اردوBahasa IndonesiaBahasa MelayuTürkçeFrançaisDeutschEspañolPortuguêsItalianoNederlandsРусскийفارسیবাংলাहिन्दीSoomaaliKiswahiliHausaShqipBosanskiAzərbaycancaOʻzbekcha中文日本語한국어ภาษาไทยTiếng ViệtTagalogپښتوPolskiSvenskaNorskSuomiČeštinaRomânăБългарскиУкраїнськаעבריתதமிழ்മലയാളംతెలుగుमराठीગુજરાતીनेपालीසිංහලঅসমীয়াسنڌيدریKurdîދިވެހިئۇيغۇرچەአማርኛAfaan OromooYorùbáKinyarwandaBamanankanChiyaoTamaziɣtMëranawТоҷикӣҚазақшаТатарчаភាសាខ្មែរEnglish (Abdel Haleem)

Translation: Shaykh Rafeequl Islam Habibur-Rahman

بِسْمِ ٱللَّهِ ٱلرَّحْمَـٰنِ ٱلرَّحِيمِ

وَٱلْفَجْرِ ﴿١﴾

89:1 ফজৰৰ সময়ৰ শপত,

وَلَيَالٍ عَشْرٍ ﴿٢﴾

89:2 শপত দহ ৰাতিৰ,

وَٱلشَّفْعِ وَٱلْوَتْرِ ﴿٣﴾

89:3 শপত যোৰ আৰু বিযোৰৰ,

وَٱلَّيْلِ إِذَا يَسْرِ ﴿٤﴾

89:4 আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,

هَلْ فِى ذَٰلِكَ قَسَمٌ لِّذِى حِجْرٍ ﴿٥﴾

89:5 ইয়াৰ মাজত বোধসম্পন্ন ব্যক্তিৰ বাবে দৃঢ় প্ৰমাণ নাইনে?

أَلَمْ تَرَ كَيْفَ فَعَلَ رَبُّكَ بِعَادٍ ﴿٦﴾

89:6 তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল?

إِرَمَ ذَاتِ ٱلْعِمَادِ ﴿٧﴾

89:7 ইৰাম গোত্ৰৰ লগত, যিহঁতে অধিকাৰী আছিল সুউচ্চ প্ৰাসাদৰ?

ٱلَّتِى لَمْ يُخْلَقْ مِثْلُهَا فِى ٱلْبِلَـٰدِ ﴿٨﴾

89:8 যাৰ সমতুল্য (জাতি) কোনো দেশতে সৃষ্টি কৰা হোৱা নাই;

وَثَمُودَ ٱلَّذِينَ جَابُوا۟ ٱلصَّخْرَ بِٱلْوَادِ ﴿٩﴾

89:9 আৰু ছামূদ সম্প্ৰদায়ৰ লগত (কি আচৰণ কৰিছিল) যিসকলে ভৈয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল;

وَفِرْعَوْنَ ذِى ٱلْأَوْتَادِ ﴿١٠﴾

89:10 আৰু শূলদণ্ডৰ অধিকাৰী ফিৰআউনৰ লগত (কি আচৰণ কৰিছিল)

ٱلَّذِينَ طَغَوْا۟ فِى ٱلْبِلَـٰدِ ﴿١١﴾

89:11 যিসকলে দেশত সীমালঙ্ঘন কৰিছিল,

فَأَكْثَرُوا۟ فِيهَا ٱلْفَسَادَ ﴿١٢﴾

89:12 তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল।

فَصَبَّ عَلَيْهِمْ رَبُّكَ سَوْطَ عَذَابٍ ﴿١٣﴾

89:13 ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিলে।

إِنَّ رَبَّكَ لَبِٱلْمِرْصَادِ ﴿١٤﴾

89:14 নিশ্চয় তোমাৰ প্ৰতিপালকে সতৰ্ক দৃষ্টি ৰাখে।

فَأَمَّا ٱلْإِنسَـٰنُ إِذَا مَا ٱبْتَلَىٰهُ رَبُّهُۥ فَأَكْرَمَهُۥ وَنَعَّمَهُۥ فَيَقُولُ رَبِّىٓ أَكْرَمَنِ ﴿١٥﴾

89:15 আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে, যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে’।

وَأَمَّآ إِذَا مَا ٱبْتَلَىٰهُ فَقَدَرَ عَلَيْهِ رِزْقَهُۥ فَيَقُولُ رَبِّىٓ أَهَـٰنَنِ ﴿١٦﴾

89:16 আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে’।

كَلَّا ۖ بَل لَّا تُكْرِمُونَ ٱلْيَتِيمَ ﴿١٧﴾

89:17 কেতিয়াও নহয়, বৰং তোমালোকে এতীমক সমাদৰ নকৰা,

وَلَا تَحَـٰٓضُّونَ عَلَىٰ طَعَامِ ٱلْمِسْكِينِ ﴿١٨﴾

89:18 আৰু তোমালোকে মিচকিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উত্সাহিত নকৰা,

وَتَأْكُلُونَ ٱلتُّرَاثَ أَكْلًا لَّمًّا ﴿١٩﴾

89:19 আৰু তোমালোকে উত্তৰাধিকাৰৰ সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা,

وَتُحِبُّونَ ٱلْمَالَ حُبًّا جَمًّا ﴿٢٠﴾

89:20 আৰু তোমালোকে ধন-সম্পদক অতিকৈ ভালপোৱা;

كَلَّآ إِذَا دُكَّتِ ٱلْأَرْضُ دَكًّا دَكًّا ﴿٢١﴾

89:21 কেতিয়াও নহয়। যেতিয়া পৃথিৱীখনক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব,

وَجَآءَ رَبُّكَ وَٱلْمَلَكُ صَفًّا صَفًّا ﴿٢٢﴾

89:22 আৰু যেতিয়া তোমাৰ প্ৰতিপালকে আগমন কৰিব আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে উপস্থিত হ’ব,

وَجِا۟ىٓءَ يَوْمَئِذٍۭ بِجَهَنَّمَ ۚ يَوْمَئِذٍ يَتَذَكَّرُ ٱلْإِنسَـٰنُ وَأَنَّىٰ لَهُ ٱلذِّكْرَىٰ ﴿٢٣﴾

89:23 আৰু সেইদিনা জাহান্নামক উপস্থিত কৰা হ’ব, সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কোন কামত আহিব?

يَقُولُ يَـٰلَيْتَنِى قَدَّمْتُ لِحَيَاتِى ﴿٢٤﴾

89:24 (তেতিয়া) সি ক’ব, ‘হায়! এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোহেঁতেন,

فَيَوْمَئِذٍ لَّا يُعَذِّبُ عَذَابَهُۥٓ أَحَدٌ ﴿٢٥﴾

89:25 সেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব।

وَلَا يُوثِقُ وَثَاقَهُۥٓ أَحَدٌ ﴿٢٦﴾

89:26 আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব।

يَـٰٓأَيَّتُهَا ٱلنَّفْسُ ٱلْمُطْمَئِنَّةُ ﴿٢٧﴾

89:27 হে প্ৰশান্ত আত্মা!

ٱرْجِعِىٓ إِلَىٰ رَبِّكِ رَاضِيَةً مَّرْضِيَّةً ﴿٢٨﴾

89:28 তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষভাজন হৈ,

فَٱدْخُلِى فِى عِبَـٰدِى ﴿٢٩﴾

89:29 আৰু মোৰ বান্দাসকলৰ অন্তৰ্ভূক্ত হৈ যোৱা,

وَٱدْخُلِى جَنَّتِى ﴿٣٠﴾

89:30 আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা।

Do you really know Surah Al-Fajr by heart?

A short test shows exactly where you slip. No sign-up, free.

Start the test

Hear Surah Al-Fajr from all 90 reciters →