بِسْمِ ٱللَّهِ ٱلرَّحْمَـٰنِ ٱلرَّحِيمِ
وَيْلٌ لِّكُلِّ هُمَزَةٍ لُّمَزَةٍ ﴿١﴾
104:1 দুৰ্ভোগ প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে সন্মুখত আৰু অনুপস্থিতিত পৰনিন্দা কৰে।
ٱلَّذِى جَمَعَ مَالًا وَعَدَّدَهُۥ ﴿٢﴾
104:2 যিয়ে সম্পদ জমা কৰে আৰু বাৰে বাৰে গণনা কৰে।
يَحْسَبُ أَنَّ مَالَهُۥٓ أَخْلَدَهُۥ ﴿٣﴾
104:3 সি ধাৰণা কৰে যে, তাৰ সম্পদে তাক চিৰজীৱি কৰি ৰাখিব।
كَلَّا ۖ لَيُنۢبَذَنَّ فِى ٱلْحُطَمَةِ ﴿٤﴾
104:4 কেতিয়াও নহয়, নিশ্চয় সি হুতামাত নিক্ষিপ্ত হ’ব।
وَمَآ أَدْرَىٰكَ مَا ٱلْحُطَمَةُ ﴿٥﴾
104:5 আৰু তুমি জানানে, হুতামা কি?
نَارُ ٱللَّهِ ٱلْمُوقَدَةُ ﴿٦﴾
104:6 ই আল্লাহৰ প্ৰজ্বলিত জুই।
ٱلَّتِى تَطَّلِعُ عَلَى ٱلْأَفْـِٔدَةِ ﴿٧﴾
104:7 যিয়ে হৃদপিণ্ডক গ্ৰাস কৰিব।
إِنَّهَا عَلَيْهِم مُّؤْصَدَةٌ ﴿٨﴾
104:8 নিশ্চয় ই সিহঁতক আৱদ্ধ কৰি ৰাখিব।
فِى عَمَدٍ مُّمَدَّدَةٍۭ ﴿٩﴾
104:9 ওখ ওখ স্তম্ভসমূহত।