QuranQuiz bySALSABIL STUDIO
Open the appOpen app

سورة القيامة

Surah Al-Qiyamah in Assamese

40 ayat · Meccan · Surah 75 of 114

🌐 Translation: অসমীয়া

Englishالعربية (بلا ترجمة)اردوBahasa IndonesiaBahasa MelayuTürkçeFrançaisDeutschEspañolPortuguêsItalianoNederlandsРусскийفارسیবাংলাहिन्दीSoomaaliKiswahiliHausaShqipBosanskiAzərbaycancaOʻzbekcha中文日本語한국어ภาษาไทยTiếng ViệtTagalogپښتوPolskiSvenskaNorskSuomiČeštinaRomânăБългарскиУкраїнськаעבריתதமிழ்മലയാളംతెలుగుमराठीગુજરાતીनेपालीසිංහලঅসমীয়াسنڌيدریKurdîދިވެހިئۇيغۇرچەአማርኛAfaan OromooYorùbáKinyarwandaBamanankanChiyaoTamaziɣtMëranawТоҷикӣҚазақшаТатарчаភាសាខ្មែរEnglish (Abdel Haleem)

Translation: Shaykh Rafeequl Islam Habibur-Rahman

بِسْمِ ٱللَّهِ ٱلرَّحْمَـٰنِ ٱلرَّحِيمِ

لَآ أُقْسِمُ بِيَوْمِ ٱلْقِيَـٰمَةِ ﴿١﴾

75:1 মই শপত কৰিছো ক্বিয়ামতৰ দিনৰ,

وَلَآ أُقْسِمُ بِٱلنَّفْسِ ٱللَّوَّامَةِ ﴿٢﴾

75:2 মই আৰু শপত কৰিছো আত্মনিন্দাকাৰী আত্মাৰ,

أَيَحْسَبُ ٱلْإِنسَـٰنُ أَلَّن نَّجْمَعَ عِظَامَهُۥ ﴿٣﴾

75:3 মানুহে ভাৱে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম?

بَلَىٰ قَـٰدِرِينَ عَلَىٰٓ أَن نُّسَوِّىَ بَنَانَهُۥ ﴿٤﴾

75:4 কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।

بَلْ يُرِيدُ ٱلْإِنسَـٰنُ لِيَفْجُرَ أَمَامَهُۥ ﴿٥﴾

75:5 বৰং মানুহে তাৰ ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ বিচাৰে।

يَسْـَٔلُ أَيَّانَ يَوْمُ ٱلْقِيَـٰمَةِ ﴿٦﴾

75:6 সি প্ৰশ্ন কৰে, ক্বিয়ামতৰ দিনটো কেতিয়া আহিব?

فَإِذَا بَرِقَ ٱلْبَصَرُ ﴿٧﴾

75:7 যেতিয়া চকু স্থিৰ হৈ যাব,

وَخَسَفَ ٱلْقَمَرُ ﴿٨﴾

75:8 আৰু চন্দ্ৰ কিৰণবিহীন হৈ পৰিব,

وَجُمِعَ ٱلشَّمْسُ وَٱلْقَمَرُ ﴿٩﴾

75:9 আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব-

يَقُولُ ٱلْإِنسَـٰنُ يَوْمَئِذٍ أَيْنَ ٱلْمَفَرُّ ﴿١٠﴾

75:10 সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’?

كَلَّا لَا وَزَرَ ﴿١١﴾

75:11 কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।

إِلَىٰ رَبِّكَ يَوْمَئِذٍ ٱلْمُسْتَقَرُّ ﴿١٢﴾

75:12 সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।

يُنَبَّؤُا۟ ٱلْإِنسَـٰنُ يَوْمَئِذٍۭ بِمَا قَدَّمَ وَأَخَّرَ ﴿١٣﴾

75:13 সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব সি আগলৈ কি পঠিয়াইছিল আৰু পিছত কি থৈ আহিছে।

بَلِ ٱلْإِنسَـٰنُ عَلَىٰ نَفْسِهِۦ بَصِيرَةٌ ﴿١٤﴾

75:14 বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত,

وَلَوْ أَلْقَىٰ مَعَاذِيرَهُۥ ﴿١٥﴾

75:15 যদিও সি নানা অজুহাত দেখুৱায়।

لَا تُحَرِّكْ بِهِۦ لِسَانَكَ لِتَعْجَلَ بِهِۦٓ ﴿١٦﴾

75:16 ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।

إِنَّ عَلَيْنَا جَمْعَهُۥ وَقُرْءَانَهُۥ ﴿١٧﴾

75:17 নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।

فَإِذَا قَرَأْنَـٰهُ فَٱتَّبِعْ قُرْءَانَهُۥ ﴿١٨﴾

75:18 এতেকে আমি যেতিয়া ইয়াক পাঠ কৰো তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰিবা,

ثُمَّ إِنَّ عَلَيْنَا بَيَانَهُۥ ﴿١٩﴾

75:19 তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্ব নিশ্চিতভাৱে আমাৰেই।

كَلَّا بَلْ تُحِبُّونَ ٱلْعَاجِلَةَ ﴿٢٠﴾

75:20 কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনক ভাল পোৱা;

وَتَذَرُونَ ٱلْـَٔاخِرَةَ ﴿٢١﴾

75:21 আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।

وُجُوهٌ يَوْمَئِذٍ نَّاضِرَةٌ ﴿٢٢﴾

75:22 সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,

إِلَىٰ رَبِّهَا نَاظِرَةٌ ﴿٢٣﴾

75:23 সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।

وَوُجُوهٌ يَوْمَئِذٍۭ بَاسِرَةٌ ﴿٢٤﴾

75:24 আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব,

تَظُنُّ أَن يُفْعَلَ بِهَا فَاقِرَةٌ ﴿٢٥﴾

75:25 সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।

كَلَّآ إِذَا بَلَغَتِ ٱلتَّرَاقِىَ ﴿٢٦﴾

75:26 নিশ্চয়, যেতিয়া প্ৰাণ কন্ঠাগত হ’ব,

وَقِيلَ مَنْ ۜ رَاقٍ ﴿٢٧﴾

75:27 আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’?

وَظَنَّ أَنَّهُ ٱلْفِرَاقُ ﴿٢٨﴾

75:28 তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।

وَٱلْتَفَّتِ ٱلسَّاقُ بِٱلسَّاقِ ﴿٢٩﴾

75:29 আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।

إِلَىٰ رَبِّكَ يَوْمَئِذٍ ٱلْمَسَاقُ ﴿٣٠﴾

75:30 সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।

فَلَا صَدَّقَ وَلَا صَلَّىٰ ﴿٣١﴾

75:31 এতেকে সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।

وَلَـٰكِن كَذَّبَ وَتَوَلَّىٰ ﴿٣٢﴾

75:32 বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।

ثُمَّ ذَهَبَ إِلَىٰٓ أَهْلِهِۦ يَتَمَطَّىٰٓ ﴿٣٣﴾

75:33 তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল,

أَوْلَىٰ لَكَ فَأَوْلَىٰ ﴿٣٤﴾

75:34 দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ!

ثُمَّ أَوْلَىٰ لَكَ فَأَوْلَىٰٓ ﴿٣٥﴾

75:35 আকৌ দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ!

أَيَحْسَبُ ٱلْإِنسَـٰنُ أَن يُتْرَكَ سُدًى ﴿٣٦﴾

75:36 মানুহে ভাৱে নেকি যে, তাক এনেই এৰি দিয়া হ’ব?

أَلَمْ يَكُ نُطْفَةً مِّن مَّنِىٍّ يُمْنَىٰ ﴿٣٧﴾

75:37 সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়?

ثُمَّ كَانَ عَلَقَةً فَخَلَقَ فَسَوَّىٰ ﴿٣٨﴾

75:38 তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।

فَجَعَلَ مِنْهُ ٱلزَّوْجَيْنِ ٱلذَّكَرَ وَٱلْأُنثَىٰٓ ﴿٣٩﴾

75:39 তাৰ পিছত তেওঁ তাৰ পৰা যোৰ যোৰ হিচাপে নৰ-নাৰী সৃষ্টি কৰে।

أَلَيْسَ ذَٰلِكَ بِقَـٰدِرٍ عَلَىٰٓ أَن يُحْـِۧىَ ٱلْمَوْتَىٰ ﴿٤٠﴾

75:40 তথাপিও সেই স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু?

Do you really know Surah Al-Qiyamah by heart?

A short test shows exactly where you slip. No sign-up, free.

Start the test

Hear Surah Al-Qiyamah from all 90 reciters →